ৰঞ্জন আৰু অনামিকাই প্ৰেমৰ বান্ধোনত আৱদ্ধ হৈ ৮ বছৰৰ সুখী দাম্পত্য জীৱন অতিবাহিত কৰিলে । দুয়োৰে মাজত গভীৰ বিশ্বাস আৰু স্নেহ আছিল, কিন্তু অনামিকাৰ মনৰ কোনোবা কোণত এটা গুপ্ত বাসনা দপদপাই আছিল, যাক তাই কেতিয়াও কোৱাৰ সাহস পোৱা নাছিল।

সন্ধিয়াৰ সময়। বেলি মাৰ গৈ জোনাক আহিব ধৰিছে । গম্ভীৰ নীৰৱতা। অনামিকা বালকনিত বহি আছিল, ওচৰতে এটা কফিৰ মগ থিয় হৈ আছিল, কিন্তু মগটো ঠাণ্ডা হৈ পৰিছিল। তাই ভাবি আছিল, বহুদিন ধৰি এই ভাবনাটো মনৰ মাজতে লুকাই ৰাখিছে। কেতিয়াবা অনুভৱ কৰিছিল, এইটো অনৈতিক নেকি? কেতিয়াবা ভয় হৈছিল, যদি ৰঞ্জনে ভালদৰে নুবুজে? যদি সি ক’ব, “এইটো বিশ্বাসঘাতকতা!”? কিন্তু ভিতৰত এক গুপ্ত উত্তেজনাই মনত ঢৌ তুলিছিল।
ৰঞ্জনে সোমাই আহিল, অনামিকাৰ মুখখন অৱসন্ন দেখা গৈছিল।
“কি ভাবি আছা?” ৰঞ্জনে সুধিলে, হাতত এটা কিতাপ লৈ।
“কিবা কথা আছিল… কিন্তু নোৱাৰো, হয়তো তুমি ভাল নাপাবা,” অনামিকাই লাজতে চকু নমাই ক’লে।
“তোমাৰ যে মনত কিবা চলি আছে, মই বহুদিন ধৰি অনুভৱ কৰিছোঁ। কোৱাচোন, ভয় নকৰিবা,” ৰঞ্জনে কোমল স্বৰত ক’লে।
অনামিকাই গভীৰ নিশ্বাস ল’লে। মনত চিন্তা উথলি উঠিল। “মই… মই বহুদিন ধৰি এটা কথা ভাবি আছোঁ। এটা ফেন্টাছি… এটা নতুন অনুভৱ… যি মই তোমাৰ লগত শ্বেয়াৰ কৰিবলৈ সাহস নেপালোঁ।”
ৰঞ্জনে মনোযোগেৰে শুনি আছিল। “ফেন্টাছি? তুমিতো জানো, আমি দুয়ো কোনো কথা গোপন নকৰোঁ। মোক কওক, মই শুনিব বিচাৰোঁ।”
“মই ককোল্ডৰি বিষয়ে শুনা পাইছিলোঁ,আৰু মোৰ লগত দুঞ্জনিমান ছোৱালীয়ে already এইটো lifestyle enjoy কৰি আছে” অনামিকাই সাৱধানে ক’লে।
এটা স্তব্ধতা। ৰঞ্জনে চকু মেলি চাই থাকিল। সি জানিছিল, সমাজত এই কথাবোৰ খুব কমেই কোৱা হয়, কিন্তু একোটা সম্পৰ্কত স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ।
“মানে?” ৰঞ্জনে ধীৰে সুধিলে, যেন সি একো বুজি পোৱা নাই।
“মানে, মই ভাবো, যদি মই আন এগৰাকী পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰোঁ, কিন্তু তুমি এইটো জানিবা, আৰু এইটোক এক বিশ্বাসঘাতকতা হিচাপে নোলোৱাঁ… এইটো এক অভিজ্ঞতা, য’ত তুমি একগামী হৈ থাকিবা, কিন্তু মই মোৰ ইচ্ছা পূৰণ কৰিব পাৰোঁ।” অনামিকাই একে উশাহতেৰঞ্জনৰ চকুত চকু থৈ কলে ।
এক মিনিটৰ বাবে ৰঞ্জনে একো নোকোৱাকৈ অনামিকাৰ চকুত চালে। তাৰ পাছত মৃদু হাঁহি এটা দিলে। “সঁচাকৈয়ে? এইটো কথা মোক ক’বলৈ তুমিতো নিশ্চয় বহুদিন ধৰি ভাবি আছিলা?”
অনামিকাই সলাজে মূৰ দোলালে। “হয়, কিন্তু মই ভয় পাইছিলোঁ… তুমি যদি কষ্ট পোৱা?”
ৰঞ্জনে কফিৰ মগখন লৈ দুপিয়াই ল’লে। “মই জানো, এটা সম্পৰ্কত মুখৰ ওপৰত হাঁহি ধৰি থাকি হৃদয়ত গুপ্ত বাসনা লুকাই ৰখাটো ধ্বংসাত্মক হয়। আমাৰ মাজত বিশ্বাস আছে, আৰু মই তোমাৰ সকলো অনুভূতিকে গুৰুত্ব দিওঁ।”
“তুমি… বেয়া পোৱা নাই?” অনামিকাই আচৰিত হৈ সুধিলে।
“সঁচাকৈয়ে মই কি অনুভৱ কৰিছো নাজানো,” ৰঞ্জনে চিন্তান্বিত হৈ ক’লে। “কিন্তু মই তোমাৰ চিন্তাধাৰাটো বুজিবলৈ চেষ্টা কৰোঁ। যদি ই তোমাৰ সুখত আৰু আমাৰ সম্পৰ্কত উন্নতি আনে, মই ইয়াক একেলগে আলোচনা কৰিবলৈ সাজু আছোঁ।”
অনামিকাৰ চকুত আশ্চৰ্যৰ চমক খেলি গ’ল। তাই কল্পনাও নাছিল যে ৰঞ্জনে এইটোক এক নতুন দৃষ্টিকোণৰ পৰা ল’ব। হয়তো, নতুন অভিজ্ঞতা, নতুন অনুভৱ, আৰু অতিৰিক্ত বিশ্বাসৰ মাজেৰে দুয়োৰে সম্পৰ্কো অধিক সুদৃঢ় হ’ব পাৰে…
মনে মনে গহীন শ্বাস ল’লে অনামিকাই। তাই ভাবি পাইছিল, আজিৰ নিশাটো হয়তো তাইৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হোৱাৰ সন্ধিক্ষণ। ৰঞ্জনৰ চকুলৈ চাই তাই ক’লে, “তুমি জানানে, মোৰ কিছুমান বন্ধুৱে এই ধৰণৰ জীৱন-শৈলী অনুসৰণ কৰে?”
ৰঞ্জনে তাইৰ কথা মনোযোগেৰে শুনি থাকিল।
“কেইজনীমান বন্ধুৱে মোক কৈছিল এতিয়া সপ্তাহত এবাৰ দুবাৰ সিহঁতে বেলেগ পুৰুষৰ লগত date ত যায়,” অনামিকাই মৃদু হাঁহি এটা মাৰিলে। “তেওঁলোকৰ স্বামী-সকল জানে যে তেওঁলোক বাহিৰলৈ যায়, আন এজনৰ লগত সময় কটায়, অভিজ্ঞতা উপভোগ কৰে। আৰু তেনেদৰে তেওঁলোকৰ সম্পৰ্কো আরো গভীৰ হয়।”
ৰঞ্জনে চকু এফালে নমালে। “তেওঁলোকৰ স্বামীসকল… মানে, তেওঁলোক কেনেকৈ লয়?”
“তেওঁলোকে এইকেইটাক একধৰণৰ খেল হিচাপে লয়,” অনামিকাই ক’লে। “তেওঁলোকে নিজকে ‘cuck’ বুলি কয়, আৰু তেওঁলোকৰ আনন্দ হ’ল নিজৰ পত্নীক সন্তুষ্ট দেখা। কোনোবাই হয়তো আৰম্ভণিতে অস্বস্তি অনুভৱ কৰে, কিন্তু পিছলৈ ই এক বিশেষ ধৰণৰ আত্মতৃপ্তিৰ কাৰণ হৈ উঠে।”
ৰঞ্জনে মৃদু হাঁহি এটা মাৰিলে। “আৰু তুমি… তুমি কিমান দিন ধৰি এই বিষয়ে ভাবি আছা?”
অনামিকাই চকু নমাই ক’লে, “শব্দে কৈ থ’ব নোৱাৰোঁ, হয়তো বহুবছৰ ধৰি। কিন্তু সাহস নাছিল… তোমাক ক’লে, যদি তুমি মোক ভুল বুজা?”
ৰঞ্জনে কিছু সময় নীৰৱ হৈ থাকিল। তাৰ পাছত বতাহজাকে দুয়োজনৰে কাষেদি পাৰ হৈ গ’ল। তেওঁ গভীৰ ভাৱে ভাবিলে—এইটোৱেই তেওঁলোকৰ সম্পৰ্কৰ অন্ত নেকি, নে এক নতুন আৰম্ভণি?
ৰঞ্জনে চকু নমাই ভাবিবলৈ ধৰিলে। তাইৰ কণ্ঠস্বৰ, চকুত লুকাই থকা এক উন্মাদ উত্তেজনা… এই সকলোবোৰে তাইক আগতে দেখা অনামিকাৰ পৰাই একদম পৃথক কৰি তুলিছিল। তাই এই কথা আগতেই বহুদিন ধৰি ভাবে পাইছিল, হয়তো কিছুমান কাহিনীৰ প্ৰভাৱত, নে নিজৰ গুপ্ত বাসনাৰে।
কিন্তু এতিয়া প্ৰশ্নটো আছিল—এই সকলোবোৰত তাইৰ সুখৰ কথা আছে, কিন্তু তেওঁ? তাইক যদি এইবোৰ কৰাৰ স্বাধীনতা থাকে, তেন্তে একে অধিকাৰ ৰঞ্জনৰ ক্ষেত্ৰত নাথাকে নেকি?

চকু মেলি ৰঞ্জনে অনামিকালৈ চাই সুধিলে, “আচ্ছা, যদি মইও কিবা এনেকুৱা অভিজ্ঞতা বিচাৰোঁ? যদি মইয়ো কেতিয়াবা আন এগৰাকী মহিলাৰ লগত সময় কটাব বিচাৰোঁ?”
অনামিকাৰ মুখখন মুহূৰ্ততে কঠিন হৈ পৰিল। তাইৰ চকুত এক বিশেষ কঠোৰতা খেলে গ’ল, যেন এই প্রশ্নটো তাই আগতেই অনুমান কৰিছিল, কিন্তু সঁচাকৈয়ে শুনিবলৈ সাজু নাছিল।
“একেবাৰে নহ’ব!” তাইৰ কণ্ঠস্বৰ গাম্ভীৰ্যৰে পূর্ণ হৈ উঠিল। “এইটো মইৰ বাবে, মোৰ সুখৰ বাবে। এইটোৱেই নিয়ম।”
ৰঞ্জনে আচৰিত হৈ তাইৰ চকুলৈ চালে। “মানে, তুমিয়ে আনৰ লগত যাব পাৰিবা, আৰু মই ঘৰত তোমাক অপেক্ষা কৰি থাকিব লাগিব?”
অনামিকাই শীতল হাঁহি এটা মাৰিলে। “হয়। ঠিক একেইদৰে মোৰ বন্ধুসকলেও কৰে। তেওঁলোকৰ স্বামীৰ কোনো অধিকাৰ নাই, তেওঁলোকে কেৱল অপেক্ষা কৰে, সহ্য কৰে, আৰু এইটোতে সন্তুষ্টি অনুভৱ কৰে। কিয়, তুমি সাহস নেপোৱা?”
এইটো শুনি ৰঞ্জনৰ বুকুখন অলপ কপি গ’ল। তাই এনেকুৱা ধৰণে কোৱা শুনি তেওঁৰ ভিতৰত এক উদ্ভট অনুভূতি জন্ম ল’ব ধৰিলে—অপমান, বিস্ময়, আৰু কোনোবা প্ৰকাৰৰ গুপ্ত উত্তেজনাৰ এক মিশ্ৰ অনুভূতি। তাই কিমান সাহসীভাৱে কৈ গ’ল যে এইটো কেৱল তাইৰ বাবে! তাইৰ বাবে কোনো নিয়ম নাথাকে!
ৰঞ্জনে অনামিকাৰ চকুলৈ চাই থাকিল। তাইৰ চকুত এতিয়া এক নতুন উজ্জ্বলতা খেলি আছিল, যেন তাইৰ ভিতৰত নতুনকৈ জন্ম হোৱা শক্তি এটাৰ বহিঃপ্ৰকাশ ঘটিছে। ই এটা অচিনাকি অনামিকা আছিল—এজনী আধিপত্যশালী, আত্মবিশ্বাসী, আৰু নিৰ্দয়ভাৱে নিজৰ বাসনা প্রকাশ কৰা নাৰী। আগতে দেখা লাজুক, কোমল অনামিকাৰ তুলনাত এইজনী সম্পূৰ্ণ পৃথক।
অদ্ভুতভাৱে, ৰঞ্জনে নিজৰ ভিতৰত কিবা এটা অনুভৱ কৰিলে—এক অজানা থ্ৰিল, এক উত্তেজনা, যাৰ অৰ্থ তেওঁ নিজেই বুজিব পৰা নাছিল। কিয় তাইৰ এই আচৰণত তেওঁ আশ্চৰ্যজনকভাৱে আকৃষ্ট হৈ পৰিছে? কিয় তাইৰ দৃঢ়তাই তেওঁৰ ভিতৰত অন্য এক অনুভূতি জগাই তুলিছে? এইটো অপমান নেকি? নে কিবা আন এক অনুভূতি, যিটো তেওঁ আগতে কেতিয়াও অনুভৱ কৰা নাছিল?
অনামিকাই অলপ ওচৰ চাপি আহিল, চকুতে এক মৃদু তৃপ্তিৰ হাঁহি। “তুমি জানানে, এইধৰণৰ সম্পৰ্ক এতিয়া বহুত জনপ্রিয় হৈ উঠিছে?” তাই মিচিকিয়া হাঁহিলে। “পশ্চিমীয়া দেশবোৰত ই বহুতে সাদৰে গ্ৰহণ কৰিছে, আৰু বহুজনেই এই জীৱন-শৈলী উপভোগ কৰে।”
ৰঞ্জনে নীৰৱে শুনি থাকিল।
“আনকি বহু পুৰুষে নিজৰ অভিজ্ঞতা লৈ লিখিওছে,” অনামিকাই কফিৰ মগখন উলিয়াই ল’লে। “তুমি চাই দেখিবা, ইন্টাৰনেটত এনে অভিজ্ঞতাৰ বিষয়ে বহু জাৰ্নেল, ব্লগ, আৰু আলোচনা আছে। বহু পুৰুষে স্বীকাৰ কৰিছে যে তেওঁলোকে এইটো বুজিব পৰা নাছিল, কিন্তু যেতিয়া একেলগে এই অভিজ্ঞতা শ্বেয়াৰ কৰিলে, তেতিয়া তেওঁলোকৰ সম্পৰ্কো অধিক গভীৰ হ’ল।”
ৰঞ্জনৰ ভিতৰত অজান অনুভূতিবোৰ বাঢ়ি আহিল। এইটো আত্মসমৰ্পণ নেকি? নে নতুন অভিজ্ঞতাৰ মুখামুখি হোৱাৰ এক সুযোগ?
ৰঞ্জন এতিয়াও বিশ্বাস কৰিব পৰা নাছিল যে অনামিকা এনেকুৱা কথা ক’ব। তাই, যি সদায় পৰম্পৰাগত আছিল, যিয়ে এতিয়ালৈ কেতিয়াও কোনো দুসাহসী চিন্তা প্ৰকাশ কৰা নাছিল, আজি হঠাতে কিয় এনেকুৱা কথা ক’লে? তাই সঁচাকৈয়ে আন এজন পুৰুষৰ লগত যাব বিচাৰেনে? তাই এতিয়ালৈকে যি সংসাৰিক, নিৰ্ভৰযোগ্য, আৰু কেৱল তেওঁৰেই আছিল, সি এতিয়া আচলতে চিন্তাই কৰিব নোৱাৰা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল।
তেওঁৰ মনত এটা প্ৰশ্ন আহিল—তাই সঁচাকৈয়ে আন এজনৰ লগত অন্তৰঙ্গ হ’ব বিচাৰে? নে মাত্ৰ বন্ধু সৃষ্টি কৰিবলৈ বিচাৰে? হয়তো তেওঁ এতিয়া অতিৰিক্ত ভাবি আছে। হয়তো অনামিকাই কেৱল নতুন বন্ধু বিচাৰি আছে, নতুন পৰিবেশ অনুভৱ কৰিবলৈ বিচাৰে। কেতিয়াবা মানুহে নতুনত্ব বিচাৰে, আৰু সেইটো মানি লোৱা উচিত।
ৰঞ্জনৰ মনত বহুতো চিন্তা আহি পৰিল। যদি অনামিকাই আন এজন পুৰুষৰ লগত যাব বিচাৰে, তাৰ মানে কি তেওঁ তাইক সন্তুষ্ট কৰিব পৰা নাই? তেওঁ এতিয়ালৈ ভাবি আহিছিল যে তেওঁলোকৰ দাম্পত্য জীৱন সুখৰেই চলি আছে। অনামিকাই কেতিয়াও কোনো অভাৱৰ কথা নক’লে, কেতিয়াও এটা অভিযোগো কৰা নাছিল। তেন্তে এতিয়া হঠাৎ কিয়?
নতুবা, হয়তো তাইৰ কিছু বিশেষ দাবী আছে, যিবোৰ তেওঁ জানেই নাছিল, বা তেওঁ পূৰণ কৰিব নোৱাৰিলে? তাই নিজেই কৈছিল—“নতুন অভিজ্ঞতা বিচাৰোঁ।” নতুন অভিজ্ঞতা মানে কি? তাই এনেকুৱা কিবা অনুভৱ বিচাৰে, যি তেওঁ দিয়াৰ ক্ষমতা নাথাকে? নে এইটো কেৱল তাইৰ মানসিক কৌতুহল?
তেওঁৰ বুকুত এক বিসংগত অনুভূতি এটাই খেলে গ’ল—এটা অজান ভয় আৰু অপৰাধবোধ। যদি তাই আনৰ লগত যাব বিচাৰে, তাৰ মানে তাইৰ অন্তৰত গভীৰ কিবা অভাৱ আছে, যি তেওঁ জানিবও নোৱাৰিলে। হয়তো তাই কেতিয়াও নিজৰ বাসনাবোৰ সম্পূৰ্ণৰূপে প্ৰকাশ নকৰিলে, নে তেওঁ নিজেই তাইৰ ইচ্ছাবোৰ বুজি নাপালে?
সঁচাকৈয়ে, এইটো কি তাইৰ অসন্তুষ্টিৰ প্ৰতিফলন? নে কেৱল এটা খেল, যি তেওঁ এতিয়ালৈ বুজিব পৰা নাই?
ৰঞ্জনে আকৌ এবাৰ গভীৰকৈ শ্বাস লৈ সুধিলে, “অনামিকা, এতিয়া সঁচাকৈ ক’বাচোন, তুমি ঠিক কি বিচাৰা?”
অনামিকাই অলপ সময় ধৰি নিৰৱ থাকিল, যেন তাই নিজৰ ভিতৰত এটা সঠিক শব্দ বিচাৰি আছিল। তাৰ পিছত, গভীৰ উশাহ এটা লৈ তাই ক’লে, “প্ৰথমতে মই এইটো স্পষ্ট কৰি দিব বিচাৰোঁ—মই তোমাক ভাল পাওঁ, আৰু মই কেতিয়াও তোমাক এৰি নাযাওঁ। কিন্তু তুমি জানানে, এজনী মহিলাৰ কেতিয়াবা ভিন্ন ধৰণৰ প্ৰয়োজন হয়?”
ৰঞ্জনে খুটিয়াই চাই থাকিল। “মানে?”
অনামিকাই চকু নমাই ল’লে, যেন কিছু খোলাখুলি ক’বলৈ সাজু হৈছে। “কেতিয়াবা মই অনুভৱ কৰোঁ, কোনো নতুন মানুহৰ লগত সময় কটালে এক বিশেষ উত্তেজনা অনুভৱ হয়। এটা ডেট, কোনো নতুন লগত আলাপ, নতুন কোনো পুৰুষৰ মনোযোগ পাওঁ…এইবোৰে এক বিশেষ অনুভূতি দিয়ে।”
ৰঞ্জনে তাইৰ চকুলৈ চাই থাকিল, মনত অজস্র প্ৰশ্ন। তাই অব্যাহত থাকিল, “এইটো সঁচা যে, মানুহে কেতিয়াবা জীৱনত সৰু সৰু নতুন অভিজ্ঞতা বিচাৰে। কিন্তু…” তাই অলপ ৰৈ চকু মেলি চালে, “সঁচাকৈয়ে মই কি বিচাৰিম, সেইটো মই নিজেও ক’ব নোৱাৰোঁ, কেতিয়াবা হয়তো শাৰিৰীক সম্পৰ্ক স্থাপন হব, কিন্তু তোমাৰ অনুমতি লৈহে কৰিম। মাত্ৰ কথা, মই সকলো সময়তেই তোমাৰ সহযাত্ৰী হৈ থাকিম, কিন্তু কেতিয়াবা মই এই অভিজ্ঞতাও অনুভৱ কৰিব বিচাৰোঁ।”
“শাৰীৰিক সম্পৰ্ক মানে, যৌনতা?” ৰঞ্জনে মনত চলা আশঙ্কাটোক মুকলি কৰি দিলে।
অনামিকাই মিচিকিয়া হাঁহি মাৰিলে, “সঁচাকৈয়ে মই সেইটো নিশ্চিতকৈ ক’ব নোৱাৰোঁ। হয়তো কেৱল কথা, হয়তো কেৱল ডেটিং… হয়তো তাৰো অধিক কিবা…কিন্তু মই আগতকৈ বেছি সুখী হ’ম, বেছি পৰিপূৰ্ণ অনুভৱ কৰিম।আৰু চিন্তা নকৰিবা, সব কথা মই তোমাক কৈ হে কৰিম”
ৰঞ্জনে অনুভৱ কৰিলে, এইটো কেৱল এক সপোন বা কল্পনা নহয়। অনামিকাই বাস্তৱতে এই অভিজ্ঞতা অনুভৱ কৰিবলৈ বিচাৰে আৰু হয়তো ইতিমধ্যে তাই মনত বহু দূৰ আগবাঢ়ি গৈছে।




